Сучитра Митра – тема
সুচিত্ৰা মিত্ৰ ইংৰাজী: Suchitra Mitra এগৰাকী ভাৰতীয় গায়িকা, সুৰকাৰ, ৰবীন্দ্ৰ সংগীতৰ শিল্পী, অধ্যাপিকা আৰু কলকাতাৰ প্ৰথম মহিলা শ্বেৰিফৰ আছিল। এগৰাকী শিক্ষাবিদ হিচাপে তেওঁ ১৯৮৪ চনলৈকে ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আৰু ৰবীন্দ্ৰ সংগীত বিভাগৰ মুৰব্বী আছিল। সুচিত্ৰা মিত্ৰ বাংলা চলচ্চিত্ৰৰ এগৰাকী নেপথ্য গায়িকা আছিল লগতে কিছুমান ছবিটো অভিনয় কৰিছিল আৰু বহু বছৰ ধৰি ইণ্ডিয়ান পিপলছ থিয়েটাৰ এছ'চিয়েচনৰ সৈতে জড়িত আছিল। মিত্ৰই স্কটিছ চাৰ্চ কলেজ, কলিকতা বিশ্ববিদ্যালয় আৰু ভাৰতৰ পশ্চিম বংগৰ বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁ কলকাতাৰ শ্বেৰিফও আছিল ।দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত ২০১১ চনৰ ৩ জানুৱাৰী তাৰিখে কলকাতাত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।