Suman Kalyanpur – тема
সুমন কল্যাণপুৰ এগৰাকী প্ৰখ্যাত ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। বহুতে বিশ্বাস কৰে যে প্ৰতিভা অনুযায়ী তেওঁ যি স্থানত উপনীত হব লাগিছিল, সেই স্থানত উপনীত হ’ব নোৱাৰিলে। অথচ শাস্ত্ৰীয় সঙ্গীতৰ জ্ঞান, সুৰীয়া আৰু বিশাল পৰিধিৰ কণ্ঠ আদি এগৰাকী নেপথ্য কণ্ঠশিল্পীৰ সকলো প্ৰয়োজনীয় গুণৰাজি তেওঁৰ আছিল। বহুসময়ত তেওঁৰ কণ্ঠস্বৰ লতা মঙ্গেশকাৰৰ বুলি ভুল কৰা হয়। সুমনৰ কৰ্মজীৱন ১৯৫৪ত আৰম্ভ হৈছিল আৰু ৬০ আৰু ৭০ৰ দশকত জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈছিল। তেওঁ হিন্দী, মাৰাঠা, অসমীয়া, গুজৰাটী, কানাড়া, মৈথিলী, ভোজপুৰী, ৰাজস্থানী, বঙালী, ওড়িয়া, পঞ্জাবী আদি বিভিন্ন ভাষাৰ চলচ্চিত্ৰত গীত গাইছিল। তেওঁক হিন্দী ছবিৰ গীতৰ সোণালী যুগ বুলি বিবেচনা কৰা সময়চোৱাৰ মহম্মদ ৰফী, লতা মঙ্গেশকাৰ, মুকেশ, গীতা দত্ত, আশা ভোঁচলে, হেমন্ত কুমাৰ, তালাত মেহমুদ, কিশোৰ কুমাৰ, মান্না দে, মহেন্দ্ৰ কাপুৰ, চমচাদ বেগম আদি জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ অন্যতম বুলি বিবেচনা কৰা হৈছিল। তেওঁ আঠ শতাধিক গীত গাইছিল।