Нирмала Мисра – тема
নিৰ্মলা মিশ্ৰ এগৰাকী বিশিষ্ট বঙালী আধুনিক গীত আৰু চলচ্চিত্ৰীয় গীতৰ কণ্ঠশিল্পী। তেওঁৰ অৱদানৰ তালিকাত অসংখ্য চিৰসেউজ গীত আছে। তেওঁৰ বিখ্যাত আধুনিক গীতবোৰ হ'ল- এমন একটা ঝিনুক খুঁজে পেলাম না, সেই একজন দিও না তাকে মন, আবেশে মুখ ৰেখে, বলো তো আৰ্শি, আমি তো তোমাৰ হাসি কান্নাৰ চিৰদিনেৰ সাথী, কাগজেৰ ফুল বলে, ও তোতা পাখি ৰে, উন্মনা মন স্বপ্নে মগন ইত্যাদি। তেওঁ বঙালী, হিন্দী, অসমীয়া, ওড়িয়া আদি বিভিন্ন ভাষাৰ ছবিত গীত গাইছে।
তেওঁ অসংখ্য নজৰুল গীত, ৰবীন্দ্ৰ সঙ্গীত, শ্যামা সঙ্গীত, দেশপ্ৰেমমূলক গীত আৰু লোকগীত গাইছে। মান্না দে, প্ৰতিমা বন্দোপাধ্যায়, মানবেন্দ্ৰ মুখোপাধ্যায়, সন্ধ্যা মুখোপাধ্যায় শিপ্ৰা বসু আদি বহুতো বিখ্যাত শিল্পীৰ সৈতে একেলগে গীত গাইছে। তদুপৰি তেওঁ বহুতো গীতিনাট্যতো অংশ লৈছে। ১৯৭৬ চনত তেওঁ উত্তম কুমাৰৰ মহালয়া গীতিনাট্যত অংশ লৈছিল।