Садхана Саргам – тема

সাধনা সৰগম এগৰাকী ভাৰতীয় গায়িকা। তেওঁ মূলতঃ হিন্দী, বঙালী, নেপালী, তেলেগু আৰু তামিল ভাষাৰ ছবিৰ নেপথ্য কণ্ঠৰ বাবে পৰিচিত। ২০০২ চনত তামিল ছবি আঝাগিত পাট্টু চোলি শীৰ্ষক গীতটো গাই শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ইয়াৰ উপৰিও তেওঁৰ কৃতিত্বৰ তালিকাত এটা ফিল্মফেয়াৰ বঁটা, পাঁচটা মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা, চাৰিটা গুজৰাট ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু এটা উৰিষ্যা ৰাজ্যিক চলচ্চিত্ৰ বঁটা অন্তৰ্ভূক্ত হৈছে।