Самия Джамал – тема

ছামিয়া গামাল আছিল এগৰাকী ইজিপ্তৰ “বেলী ডান্সাৰ’’ আৰু চলচ্চিত্ৰ অভিনেত্ৰী। গামালে নিজৰ কেৰিয়াৰৰ সময়ছোৱাত ৫০খনতকৈও অধিক চিনেমাত অভিনয় কৰিছিল। ইজিপ্তৰ চিনেমাৰ সোণালী যুগত তেওঁক ইজিপ্তৰ অন্যতম বিশিষ্ট বেলী ডান্সাৰ হিচাপে গণ্য কৰা হয়।
দ্য ডিটাৰ্মিনেশ্যন ৰ দৰে ছবিত এক্সট্ৰা হিচাপে কাম কৰাৰ পিছত তেওঁ ইজিপ্তৰ কেইবাখনো চিনেমাৰ ক্লাছিক ছবি যেনে ৰেড লিপষ্টিক, লেডী গোষ্ট, দ্য হক, দ্য কাউণ্ট অৱ মণ্টে ক্ৰিষ্টো, দ্য মনষ্টাৰ, দ্য ছেকেণ্ড মেন, আৰু চুক্কাৰ হেনেম আদি। ১৯৪৯ চনত প্ৰথম ৰজা ফাৰুকে তেওঁক ইজিপ্তৰ ৰাষ্ট্ৰীয় নৃত্যশিল্পী হিচাপে নিযুক্তি দিয়ে।. গামালৰ প্ৰভাৱ আৰবী চিনেমাৰ পৰিসৰৰ বাহিৰলৈয়ো বিস্তৃত হৈছিল। ইজিপ্তৰ পৰা হলিউডলৈ আৰু তাৰ পৰা ইউৰোপৰ বিদ্যালয়লৈ বেলি ডান্সিং অনাৰ কৃতিত্ব তেওঁক দিয়া হয়। ১৯৫৪ চনত আমেৰিকান ছবি ভেলী অৱ দ্য কিংছ আৰু ফৰাচী ছবি আলী বাবা এণ্ড দ্য ফৰ্টি থিভছত বেলি ডান্সাৰ হিচাপে অভিনয় কৰে। ইটালীৰ হক অৱ দ্য নাইল ছবিতো তেওঁ অভিনয় কৰিছিল।
১৯৭২ চনত গামালে আনুষ্ঠানিকভাৱে চিনেমাৰ পৰা অৱসৰ লয়। ১৯৮৪ চনত তেওঁ কিছু সময়ৰ বাবে মঞ্চলৈ উভতি আহে আৰু তাৰ পিছত ১৯৯০ চনৰ আৰম্ভণিলৈকে তেওঁ নিজকে একান্তভাৱে নৃত্যৰ প্ৰতি উৎসৰ্গা কৰে।