Разные исполнители – тема
ছিষ্টলা শ্ৰীৰামমূৰ্তি জানকী হৈছে এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু অন্ধ্ৰপ্ৰদেশৰ এগৰাকী অনিয়মীয়া সংগীত-নিৰ্মাতা৷ তেখেতক সন্মানসহকাৰে "জানকী আম্মা" নামেৰে নামাংকিত কৰা হয় আৰু বৰ্তমান ভাৰতৰ সুপৰিচিত কণ্ঠশিল্পীসকলৰ ভিতৰত তেখেত অগ্ৰগণ্য আৰু জনাজাত৷ এছ. জানকীয়ে এতিয়ালৈকে প্ৰায় ৪৮, ০০০ টা গীত বাণীবদ্ধ কৰিছে৷ তেখেতে চলচ্চিত্ৰ, এলবাম, টিভি, ৰেডিঅ, একক সংগীত, দ্বৈত সংগীত, সমবেত সংগীতত কণ্ঠদান কৰিছে৷ তেলেগু, কানাড়া, মালায়ালম, তামিল, হিন্দী, উড়িয়া, বাংলা, মাৰাঠী, তুলু, উৰ্দু, গুজৰাটী, পাঞ্জাবী, কোংকণী, অসমীয়া, সিন্ধী, ইংৰাজী, জাপানী, আৰবী, জাৰ্মান, সিংহল ভাষাকে ধৰি মুঠ সোতৰটা ভাষাত এছ. জানকীয়ে এতিয়ালৈকে গীত গাইছে৷ তেখেতে সৰ্বাধিক গীত গাইছে কানাড়া আৰু তাৰপিছতেই মালায়ালম ভাষাত৷ ১৯৫৭ চনত মুক্তি লাভ কৰা তামিল ভাষাৰ ছবি Vidhiyin Vilayattuৰ জৰিয়তে জানকীৰ কেৰিয়াৰে পাতনি মেলে আৰু পৰৱৰ্তী ছটা দশকজুৰি তেখেতৰ সাংগীতিক যাত্ৰা অব্যাহত থাকে৷
এছ. জানকীক "দক্ষিণ ভাৰতৰ নাইটিংগেল" আখ্যা দিয়া হৈছে৷ তেখেতে এতিয়ালৈকে চাৰিবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানীত হৈছে৷ আনহাতে ৩৩টা ভিন্ন ৰাজ্যিক চলচ্চিত্ৰ বঁটা পাইছে৷ তেখেতলৈ সন্মানসহকাৰে