Bhimsen Joshi – тема

ভীমসেন যোশী; জন্ম ৪ ফেব্ৰুৱাৰী ১৯২২ - মৃত্যু ২৪ জানুৱাৰী ২০১১ এগৰাকী এজন বিশ্ববিখ্যাত ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী। তেওঁ মূলত শাস্ত্ৰীয় সংগীতৰ খেয়াল গায়ক হিচাপে বেছি পৰিচিত। ইয়াৰ উপৰি তেওঁ ভজন, থুমৰি, দাদৰাৰ দৰে শাস্ত্ৰীয় সংগীতৰ অন্যান্য ধাৰাতো জনাজাত আছিল।
ভাৰতৰ সংগীত জগতত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৭২ চনত পদ্মশ্ৰী, ১৯৭৫ চনত সংগীত নাটক অকাডেমি আৰু ১৯৮৫ চনত পদ্মভূষণ বঁটা প্ৰদান কৰা হয়। ১৯৯৮ তেওঁ সংগীত নাটক একাডেমীৰ সৰ্বোচ্চ সন্মান সংগীত নাটক একাডেমী ফেল'শ্বিপ অৰ্থাৎ ৰত্ন সদস্যৰ সন্মান লাভ কৰে। ২০০৯ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। তেওঁ হিন্দী, কন্নড়, মাৰাঠীৰ দৰে একাধিক ভাষাৰ চলচ্চিত্ৰত কণ্ঠদান কৰিছে।