জীৱনৰ প্ৰথম ব্যৱসায়
Автор: ARUP SAIKIA DBR
Загружено: 2021-08-25
Просмотров: 402
বৰ্তমান বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষাব্যৱস্থাৰ প্ৰচলনৰ অভাৱে যুৱক-যুৱতী সকলক কেৱল চাকৰিমুখী কৰি তুলিছে। যাৰ কাৰণে নিবনুৱাৰ সংখ্যা দিনে দিনে বৃদ্ধি পাব ধৰিছে।
মধ্যবিত্ত ঘৰৰ ল'ৰা ছোৱালী উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ আগবঢ়া আৰু শিক্ষা গ্ৰহণ কৰা পাছত কৰ্মহীন হৈ ঘৰত বহি থাকিব লগা হ'লে কিমান হীনমন্যতাত ভুগিব লগা হয় সেয়া কেৱল ভুক্ত ভুগিয়ে হে বুজে ।তাতে আমাৰ দৰে নৈপৰীয়া অঞ্চলৰ মানুহৰ অৱস্থাৰ আৰু পতৌ জনক।প্ৰতি বছৰে বলিয়া বানপানী আৰু বনৰীয়া হাতীয়ে সকলো শেষ কৰি থৈ যায় ঘৰ পোহনীয়া জীৱ-জন্তুৰ ,সঞ্চিত ভঁৰালৰ ধান নষ্ট হোৱাৰ ফলত মানুহৰ অকাল, অনাটনে দেখা দিয়ে। বানপানীয়ে আলি-পদূলি তল নিয়াৰ ফলত যাতায়াতৰ অসুবিধা লগতে মানুহৰ মাজত জ্বৰ, মহামাৰিৰ আদি সৃষ্টি হয়। ফলত জনসাধাৰণৰ অৰ্থনৈতিক দিশটোৰ ওপৰত ব্যাপক প্ৰভাৱ পৰে।তথাপিও জানো জীৱনৰ মোহ আমি নোহোৱা কৰিব পাৰোঁ। জীৱন মানেই সংগ্ৰাম নহয় জানো! সংগ্ৰাম অবিহনে জীৱন জীৱনেই হ'ব পাৰে নে?সংগ্ৰাম অথবা সংঘাতৰ সৈতে যুঁজি যুঁজি আমি যি সাহস, মনোবল তথা প্ৰেৰনা লাভ কৰো, সি আমাক অসাধ্য সাধন কৰাত শক্তি দিয়ে। সেয়েহে স্নাতক মহলাৰ চূড়ান্ত পৰীক্ষা শেষ কৰা পাছতে অলপ মনোবল গোটেই মাত্ৰ এটা জেৰক্স মেচিন কিনি আৰু এজন ভাইটী পৰা এটা লেপটপ লৈ জীৱনৰ প্ৰথম ব্যৱসায় আৰম্ভ কৰিছিলোঁ, এই ব্যৱসায়ত যদিও অদ্ভূত সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু আনৰ অপকাৰ নোহোৱা কৈ মোৰ ঘৰখন চলিব পৰাকৈ কিছু অৰ্থ উপাৰ্জন কৰি মোৰ ঘৰ খনক অলপ সকাহক দিব পাৰিছোঁ।
👉তাৰে কিছু দৃশ্য ভিডিঅ' ৰূপত আপোনালোকলৈ আগবঢ়ালোঁ ।
• জীৱনৰ প্ৰথম ব্যৱসায়
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: