শিৱসাগৰ মালাচকৰ নিবাসী ভাস্কৰ্য শিল্পী অনামিকা দত্তৰ হাতত প্ৰাণ পাই উঠিছে পেলনীয়া সামগ্ৰী
Автор: Big News Assam
Загружено: 2025-12-23
Просмотров: 1
আপুনি মই সচৰাচৰ ব্যৱহাৰ কৰা কিছু সামগ্ৰী অনুপযোগী হলে পেলাই দিয়াৰ চিন্তা কৰো | নহয় নে ?
পিছে সেই অনুপযোগী সামগ্ৰী সমুহ আপুনি সৎ ব্যৱহাৰ কৰি উপযোগী কৰি তুলিব পাৰে |
ঠিক এইদৰে পেলনীয়া সামগ্ৰীসমূহৰ সৎ ব্যৱহাৰ কৰি শিৱসাগৰ এগৰাকী ভাস্কৰ্য শিপ্লীয়ে নিৰ্মাণ কৰি উলিয়াইছে ঘৰ সজোৱা বহু মুল্যবান সামগ্ৰী ||
এই গৰাকী হৈছে শিৱসাগৰ মালাচকৰ নিবাসী ভাস্কৰ্য শিল্পী অনামিকা দত্ত | অনামিকা দত্তৰ হাতত প্ৰাণ পাই উঠিছে পেলনীয়া সামগ্ৰী পৰা নিৰ্মাণ কৰা ঘৰত সজোৱা বহু সুন্দৰ সামগ্ৰী |
ব্যস্ততাৰ মাজতেই কিছু সময় উলিয়াই ভাস্কৰ্য শিল্পী অনামিকা দত্তই ফিল্টাৰ কেণ্ডেল পৰা নিৰ্মাণ কৰিছে বৰটোপ , ঠিক একেদৰে গাড়ীৰ হৰ্ণ পৰা তৈয়াৰ কৰিছে গ্ৰামোফোন , মাটিচাকিৰ পৰা তৈয়াৰ কৰিছে টুথপিক হল্ডাৰ , পানী বটল আৰু ফুড কণ্টেণাৰ পৰা নিৰ্মাণ কৰিছে এটা হেন্ডলেম্প |
যোৰহাটৰ জীয়ৰী মাজুলীৰ বোৱাৰী এতিয়া স্বামী কৰ্মসূত্ৰে শিৱসাগৰ নিবাসী অনামিকা দত্ত বত্তমান প্ৰতিভায়ন চিত্ৰকলা কেন্দ্ৰৰ এগৰাকী শিক্ষয়িত্ৰী |
এনেদৰে ইচ্ছা কাম বোৰ কৰি মানসিক সন্তুষ্ট লাভ কৰে বুলি মত প্ৰকাশ কৰে অনামিকা দত্ত ||
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: