নাজিৰাত দ্বিতীয় বাৰৰ বাবে সিংহাসনত বহিল স্বৰ্গদেউ চাওল্যুং চ্যুকাফাৰ প্ৰতিমূৰ্তি
Автор: Big News Assam
Загружено: 2025-12-02
Просмотров: 2
নাজিৰাত দ্বিতীয় বাৰৰ বাবে সিংহাসনত বহিল স্বৰ্গদেউ চাওল্যুং চ্যুকাফাৰ প্ৰতিমূৰ্তি
টাই আহোমৰ বানফি পূজাঁৰে শুভাৰম্ভ কৰা নাজিৰাত দ্বিতীয় বাৰৰ বাবে স্বৰ্গদেউ চাওল্যুং চ্যুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে অসম চৰকাৰৰ মন্ত্ৰী পিয়ুষ হাজৰিকাই
👉মেগালিথিক কালৰ পৰা আজিৰ মেগাপিক্সেল সময়ৰলৈকে সৰ্বকালৰ সৰ্বশ্ৰেষ্ট অসমীয়া - বৰ অসমৰ স্ৰষ্টা আৰু দ্ৰষ্টা স্বৰ্গদেউ চাওল্যুং চ্যুকাফা দিৱসৰ দিনা সমগ্ৰ অসমৰ লগতে নাজিৰাতো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নাজিৰা মহকুমা সমিতিৰ সহযোগত কেন্দ্ৰীয়ভাৱে পালন কৰা হয় চ্যুকাফা দিৱস । টাই আহোমৰ বানফি পূজাঁৰে শুভাৰম্ভ হোৱা এই চ্যুকাফা দিৱসৰ দিনাই টাই আহোম উন্নয়ন পৰিষদৰ ১.৯০ কোটি টকা ব্যয়ৰে প্ৰতিষ্ঠা কৰি দ্বিতীয় বাৰৰ বাবে সিংহাসনত বহাৰ স্বৰ্গদেউ চাওল্যুং চ্যুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে অসম চৰকাৰৰ মন্ত্ৰী পিয়ুষ হাজৰিকাই ।ইয়াৰ পিছতে নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰলৈকে বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে টাই লোক সংগীত আৰু অসমৰ জাতীয় সঙ্গীত পৰিৱেশনেৰে মুকলি সভা অনুষ্ঠিত হয় । সভাত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়া , কেবিনেট মন্ত্রীদ্বয় পিয়ুষ হাজৰিকা , যোগেন মহন , বিধায়ক ক্ৰমে সুশান্ত বৰগোঁহাই,ধৰ্মেশ্বৰ কোঁৱৰ,আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা,সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস , টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁইকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে । সভাত নিৰ্দিষ্ট বক্তা হিচাপে বক্ত্য দাঙি ধৰে অৱসৰী অধ্যক্ষা ডঃ বন্তিৰাণী গগৈয়ে ।
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: