#নি
Автор: S M Creation
Загружено: 2024-11-17
Просмотров: 308
কবিতা: নি:সংগতাৰ মালিতা
কবি: সুৰজিত অনুভূতি
আবৃত্তি: গৌতম নাথ
বাণীবন্ধন ও সংগীত:গৌৰাংগ
লিৰিকেল ভিডিঅ': দীপামণি
জিলিৰ মাতত গভীৰ হোৱা
নিদ্ৰাহীন এক কলীয়া ৰাতি
নিৰ্জন, নিস্তব্ধ.....
নাই কোনো কলিজা-কঁপোৱা সুৰ
কিম্বা জোনাকৰ মায়াসনা গান,
শূন্যতাৰ শেতেলীত
পৰি আছোঁ নীৰৱে
নাই কোনো জীৱন্ত প্ৰাণ।
কত যে অনন্য
কত যে অদম্য
এই নিসংগতা.....
য'ত নাই জিলমিল
তৰাৰ আকুলতা,
নাই কোনো জোনাকে ধোৱা
নিভৃত হৃদয়ৰ অগভীৰ কথকতা।
নি:সগতাত জী উঠে
দুখৰীয়া সোঁৱৰণি
ঘনঘোৰ এন্ধাৰত,
পাখি লগা অনুভৱ
হিয়াৰ গভীৰত,
আশাভৰা এই জীৱনৰ
এধানি মাথোঁ পথ
জ্বলি ৰয় আশাৰ শলিতা
মন গহনত....
নি:সংগতা.....
নি:সংগতা মানেই জানো শূণ্যতা??
কিম্বা অবিৰাম একাকীত্বতা ??
কদাপি নহয়....
নি:সংগতাৰ আছে এক সুূকীয়া সত্তা
নিবিড় একাত্মতাৰ এক সুৰীয়া মাদকতা...
নিসংগতাত যদিও হেৰাব খোজে
সপোনৰ আঁত,
সৰা পাতে ভৰি পৰে
দিঠকৰ বাট,
তথাপি....
তথাপি জ্বলি ৰয় আশাৰ শলিতা....
আশাৰ বুকুত উজ্বলি উঠে
বিশ্বাস আৰু সাহসৰ মালিতা,
নিসংগতা একক হ'লেও
ধিমি ধিমি জ্বলি ৰয় আশাৰ শলিতা,
আশাৰ বুকুত উজ্বলি উঠে
বিশ্বাস আৰু সাহসৰ মালিতা।
(সুৰজিত অনুভূতি)
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: