পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান সম্প্ৰাসৰণ কেন্দ্ৰৰ নৱনিৰ্মিত প্ৰশিক্ষণ কেন্দ্ৰ শুভ উদ্বোধন
Автор: RVTV
Загружено: 2024-08-09
Просмотров: 20
অসম চৰকাৰৰ পঞ্চায়ত, গ্ৰামোন্নয়ন বিভাগৰ জ্যেষ্ঠ মন্ত্ৰী তথা ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ডিব্ৰুগড়ৰ বাণীপুৰস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান সম্প্ৰাসৰণ কেন্দ্ৰৰ নৱনিৰ্মিত প্ৰশিক্ষণ কেন্দ্ৰ আৰু অতিথি গৃহটিৰ আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে৷ অসম চৰকাৰৰ এই সংমিশ্ৰিত প্ৰশিক্ষণ প্ৰতিষ্ঠানত ৰাজ্যত পি আৰ আইৰ প্ৰতিনিধি, এন জি অ’ৰ সদস্য আদিৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰা হব। সংশ্লিষ্ট ক্ষেত্ৰত প্ৰশিক্ষণৰ সৈতে জড়িত, য’ত ৰাজহুৱা প্ৰশাসন, একাউণ্ট আৰু বিত্ত, কাৰ্যালয়ৰ পদ্ধতি, আইনী আৰু ন্যায়িক বিষয়, আৰ টি আই আইনৰ লগতে কম্পিউটাৰৰ প্ৰশিক্ষণো অন্তৰ্ভুক্ত আৰু বিৱৰ্তন অধ্যয়ন আৰু বিভিন্ন বিষয়ৰ বাতৰি কাকত, কিতাপ, সংক্ষিপ্তকৰণ আদি প্ৰকাশকে ধৰি অন্যান্য শৈক্ষিক আৰু গৱেষণামূলক কাম-কাজ অনুষ্ঠিত হব এই প্ৰতিষ্ঠানতে। এই অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ উপস্থিত থাকে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, জিলা আয়ুক্ত বিক্ৰম কৈৰী , পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব তথা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক মুনিন্দ্ৰ নাথ শৰ্মা তথা অন্যান্য বিভাগীয় বিষয়ববীয়া, কৰ্মচাৰী সকল ৷
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: