Hidden
Автор: AWN MEDIA
Загружено: 2024-11-20
Просмотров: 10
শিক্ষা সংস্কৃতিৰে চহকী এখন নগৰ দেৰগাঁও। এই দেৰগাঁৱে জন্ম দিছে বহুকেইজন প্ৰথিতযশা সাহিত্যিকক,জন্ম দিছে বহু কেইগৰাকী বৰেণ্য শিল্পীক । বিভিন্ন কৰ্মক্ষেত্ৰত জিলিকি আছে দেৰগাঁৱৰ বহু ব্যক্তি। সাহিত্যৰ ক্ষেত্ৰখনতো বিশেষভাৱে সমাদৃত দেৰগাঁও। বহুকেইগৰাকী সাহিত্যিক ভোটাতৰাৰ দৰে সাহিত্যৰ জগতত জিলিকি থকাৰ বিপৰীতে এনে ব্যক্তিও আছে যি সকলে নিৰৱে কৰি আছে সাহিত্য চৰ্চা। তেনে এগৰাকী নিৰৱে সাহিত্য চৰ্চা অব্যাহত ৰখা এগৰাকী ব্যক্তি হ'ল প্ৰদীপ খাদৰীয়া। সকলোৱে এইগৰাকী ব্যক্তিক প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে চিনি পায় যদিও এইগৰাকী ব্যক্তিৰ আছে আন এক অধ্যায়। সেয়া আজি আমি আপোনালোকক দেখুৱাব খুজিছো।
সময় ১৯২১ চন। তেতিয়া শেষ হৈছে প্ৰথম বিশ্বযুদ্ধ । নিজৰ পৰিয়ালৰ সংস্থাপনৰ সন্ধানত খাদৰীয়া পৰিয়াল আহিছিল অসমলৈ । পৰ্যায়ক্ৰমে আহি পৰিয়াটোৰ মুৰব্বী চুৰতৰাম খাদৰীয়া উপস্থিত হৈছিলহি দেৰগাঁৱত। দেৰগাঁৱতেই কৰ্ম সংস্থাপনৰ পথ বাচি লৈ অৱশেষত স্থায়ীভাৱে দেৰগাঁৱৰ বাসিন্দা হৈ পৰিল পৰিয়ালটো। চুৰতৰাম খাদৰীয়াৰে এজন পুত্ৰ প্ৰদীপ খাদৰীয়া। নিজা প্ৰচেষ্টা আৰু অশেষ কষ্টৰ বিনিময়ত এটা সময়ত নিজকে প্ৰতিষ্ঠিত ব্যৱসায়ীৰ শাৰীলৈ উন্নীত কৰিবলৈ সক্ষম হ'ল প্ৰদীপ খাদৰীয়া। ব্যৱসায়ৰ সমান্তৰালভাৱে সাহিত্যৰ প্ৰতিও বিশেষ টান অনুভৱ কৰিছিল এইগৰাকী ব্যক্তিয়ে । নিজৰ জীৱনৰ তিতা মিঠা অভিজ্ঞতাখিনিৰ মাজৰে পৰা বাচি বাচি মাজে মাজে লিখি উলিয়াইছিল প্ৰদীপ খাদৰীয়াই । সেইখিনিকে বিভিন্ন বাতৰি কাগজত প্ৰকাশ কৰি সাহিত্যৰ যাত্ৰা আৰম্ভ কৰিছিল।
এগৰাকী সমাজকৰ্মী হিচাপেও বিশেষ পৰিচয় আছে প্ৰদীপ খাদৰীয়াৰ। ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো ধৰণৰ সামাজিক কামত যেতিয়াই প্ৰয়োজন হয় তেতিয়াই সহযোগিতাৰ বাবে আগবাঢ়ি গৈ দেৰগাঁৱৰ এগৰাকী বিশিষ্ট সমিজকৰ্মী বুলি নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে এইগৰাকী ব্যক্তি।
সমান্তৰালভাৱে মনকৰিবলগীয়া যে এইগৰাকী ব্যক্তিৰ ব্যৱসায় সমুহৰ জড়িয়তে প্ৰতক্ষ্যভাৱে প্ৰায় এশটাকৈ পৰিয়ালে সংস্থাপন লাভ কৰি আহিছে।
বিভিন্ন সময়ত ভিন্ন বাতৰি কাগজত প্ৰকাশ হোৱা প্ৰদীপ খাদৰীয়াৰ লেখা সমুহ দেৰগাঁও সাহিত্য সভাই বিশেষ উদ্যোগ লৈ গ্ৰন্থৰ আকাৰ দিয়াত এতিয়া সকলো অনুভৱী লেখা পাঠকৰ বাবে একেলগে পঢ়াৰ বাবে সুবিধা হৈ পৰিল। হিন্দী ভাষাত লিখা চ'তি চ'তি বাতে নামৰ গ্ৰন্থখন ইতিমধ্যেই দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষৰ সামৰণী অনুষ্ঠানত উন্মোচিত কৰা হয়।
আমিও আশা কৰিম এইগৰাকী সমাজপ্ৰিয় ব্যক্তিৰ সাহিত্যৰ যাত্ৰা অব্যাহত থাকক। প্ৰদীপ খাদৰীয়াৰ কলমেৰে সৃষ্টি হওক ইটোৰ পিছত সিটোকৈ বাস্তৱধৰ্মী অনুভৱী ৰচনা।
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: